Habakkuk 1

হবক্কুক ভাববাদীয়ে দৰ্শনত পোৱা গভীৰ বাক্য।


1ঘোষণাকাৰী ভাববাদী হবক্কুক গৃহিত কৰিলে।

2“হে যিহোৱা, মই কিমান দিন সহায়ৰ বাবে কান্দি থাকিম, আৰু আপুনি নুশুনাকৈ থাকিব?
মই আপোনাৰ আগত অত্যাচাৰৰ ভয়ত কাতৰোক্তি কৰি আছোঁ, কিন্তু আপুনি মোক ৰক্ষা নকৰে।

3আপুনি মোক কিয় অপৰাধ চাব দিছে, আৰু অন্যায় কাৰ্ম চাই আছে?

মোৰ আগত উপদ্ৰৱ আৰু অত্যাচাৰ হৈছে, ইয়াত বিৰোধ, আৰু বিবাদ বৃদ্ধি হৈছে।
4সেই কাৰণে বিধান নিৰ্বল হৈছে, আৰু ন্যায় বিচাৰ বহুদিনলৈকে নাথাকিব।
দুষ্টই ধাৰ্ম্মিকক চাৰিওফালে বেৰি ধৰাৰ কাৰণে, ভুল বিচাৰ হয়।

5দেশীয় লোকসকলক পৰীক্ষা কৰি চোৱা, আৰু আচৰিত আৰু বিস্মিত হোৱা;

কাৰণ মই তোমালোকৰ দিনত নিশ্চয় এনে কাৰ্য কৰিম; যি কাৰ্য তোমালোকৰ আগত প্রকাশ হলেওঁ তোমালোকে বিশ্বাস নকৰিবা।
6কাৰণ চোৱা, দেশৰ হিংস্র আৰু উদ্দাম কলদীয়াসকলক মই তুলি ধৰিম।
তেওঁলোকে পৃথিবীৰ প্রস্থেদি যাত্রা কৰি, যিবোৰ তেওঁলোকৰ ঘৰ নহয় সেইবোৰ অধিকাৰ কৰিব।
7তেওঁলোক ত্ৰাসজনক আৰু ভয়ানক; তেওঁলোকৰ বিচাৰ আৰু আড়ম্বৰ তেওঁলোকৰ নিজৰ পৰা অগ্রসৰ হয়।

8তেওঁলোকৰ ঘোঁৰাবোৰো নাহৰ-ফুটুকী বাঘতকৈয়ো দ্রুতবেগী, আৰু গধূলি পৰৰ ৰাংকুকুৰতকৈয়ো বেগী!

সেয়ে তেওঁলোকৰ ঘোঁৰাবোৰ ছাব মৰা,
আৰু তেওঁলোকৰ অশ্বাৰোহীসকল ঈগলে খাবলৈ বেগেৰে উৰি অহাৰ দৰে বহু দূৰৰ পৰা বেগেৰে আহে।
9তেওঁলোক সকলোৱে অত্যাচাৰৰ বাবে আহে;
তেওঁলোক দলে দলে মৰুভূমিৰ বতাহৰ দৰে যায়, আৰু তেওঁলোকে বালিৰ দৰে বন্দীসকলক গোট খোৱাই।

10সেয়ে তেওঁলোকে ৰজাসকলক বিদ্রূপ কৰে, আৰু শাসনকৰ্ত্তা সকল তেওঁলোকৰ বাবে হাঁহিয়াতৰ পাত্র হয়।

তেওঁলোকে প্ৰত্যেক দুৰ্গক তুচ্ছ জ্ঞান কৰে; কাৰণ তেওঁলোকে মাটি দ’ম কৰি সীমা বান্ধি সেই সকলো কাঢ়ি লয়।
11তেতিয়া তেওঁলোক বতাহৰ দৰে ক্ষিপ্রগতিৰে আগবাঢ়িব; আৰু নিজৰ সেই শক্তিয়েই তেওঁলোকৰ দেৱতা হোৱাত তেওঁলোক দোষী হব ।

12“হে মোৰ ঈশ্বৰ যিহোৱা, মোৰ পবিত্ৰ জনা, আপুনি অনাদি কালৰে পৰা নাই জানো? আমাৰ মৃত্যু নহ’ব।

হে যিহোৱা বিচাৰৰ বাবে তেওঁলোকক অভিষেক কৰিলে, আৰু আপুনি আমাৰ শিল, তেওঁলোকক শংসোধন কৰিবলৈ আপুনি প্রতিষ্ঠিত হ’ল।

13আপোনাৰ পাপলৈ স্থিৰভাৱে দৃষ্টি কৰিবলৈ আপোনাৰ চকু অতি পবিত্র, আৰু আপুনি অনুগ্রহেৰে সৈতে অন্যায় কাৰ্য চাব নোৱাৰে।

তেনেহ’লে আপুনি বিশ্বাসঘাত কৰা সকললৈ কিয় অনুগ্রহেৰে দৃষ্টি কৰিছে?
দুষ্টলোকে নিজতকৈ অধিক ধাৰ্ম্মিক লোকক গ্ৰাস কৰাৰ সময়ত আপুনি কিয় নিৰৱে থাকে?
14আপুনি সাগৰৰ মাছৰ দৰে, আৰু শাসনকৰ্ত্তা নোহোৱা বগাই যোৱা লতাৰ দৰে মানুহক সৃষ্টি কৰিলে?

15তেওঁলোকে তেওঁলোকৰ সকলোকে বৰশীৰে তোলে, তেওঁলোকে মাছ ধৰা জালেৰে মানুহক ধৰে,

আৰু তেওঁলোকক তেওঁলোকৰ জালত গোটায়; এই কাৰণে তেওঁলোকে উৎসাহিত হৈ চিঞৰে আৰু আনন্দ কৰে।
16সেই কাৰণে তেওঁলোকে নিজৰ মাছ ধৰা জালৰ উদ্দেশ্যে উৎসৰ্গ কৰে আৰু তেওঁলোকৰ জালৰ উদ্দেশ্যে ধূপ জ্বলায়;
কাৰণ হৃষ্টপুষ্ট পশুবোৰ তেওঁলোকৰ অংশ আৰু চৰ্ব্বিযুক্ত মাংস তেওঁলোকৰ আহাৰ হয়।
সেয়েহে তেওঁলোকে সহানুভূতি নোহোৱাকৈ নিজৰ জাল খালি কৰি, অবিৰামভাবে দেশীয়লোকসকলক বধ কৰিব নে?
17

Copyright information for AsmULB